অসমীয়া কৌতুক Latest Assamese Jokes
অসমীয়া কৌতুক Latest Assamese Jokes
অসমীয়া কৌতুক অসমীয়া জিমনি কৌতুক অসমীয়া ৰগৰ কৌতুক অসমীয়া খুহুতীয়া কথা অসমীয়া ডায়লগ অসমীয়া ছোৱালীৰ উক্তি গণিতৰ কৌতুক Latest Assamese Jokes Funny Memes New Jokes in Market
অসমীয়া কৌতুক Latest Assamese Jokes
মদৰ দোকানৰ মালিকলৈ ফোন কৰি মদাহী এজনে সুধিলে = আপোনাৰ দোকান কেতিয়া খুলিব?
মালিক = ৰাতিপুৱা
১০ মিনিটৰ পিছত মদাহীয়ে পুনৰ ফোন
কৰিলে = আপোনাৰ দোকান কেতিয়া খুলিব?
মালিক = ৰাতিপুৱা বুলি কোৱা নাই নেকি কিবা।
২০ মিনিটৰ পিছত ……
মদাহী = দাদা, আপোনাৰ দোকান কেতিয়া খুলিব?
মালিক = ঐ কুকুৰ, বাৰে বাৰে ফোন কৰি আছ কিয়? দোকান ৰাতিপুৱা খুলিম বুলি তোক কেইবাৰ ক'ব লাগে হাঁ?
মদাহী = দাদা , আছল কথা সেইটো নহয় অ' ! অথনি মই মাল খাই ফিটিং হৈ, আপোনাৰ দোকানৰ চুক এটাতে শুই আছিলো। কিন্তু সাৰ পাই দেখিলো……দোকানখন দেখোন বন্ধ হৈ আছে আৰু মই ভিতৰত ফঁচি আছো। সেইবাবেহে ফোন কৰি আছো।
মালিকৰ টেমাটো বেয়া হৈ গ'ল। আৰে , এইটো আকৌ কেনেকৈ ভিতৰত থাকিল? কেনেবাকৈ মৰি থাকিবলৈ হ'লে দেখোন বিপদেই হ'ব।
খৰখেদাকৈ দোকানলৈ গৈ তেওঁ দোকানৰ জাপখন খুলিলে।
লগে লগে
দোকানৰ পিছফালৰ পৰা মানুহ এজন আহি মালিকক ক'লে = মোক চিনি পাইছেনে? মই অনুজ আপোনাৰ ৰেগুলাৰ কাষ্টমাৰ। দোকানখন খুলিলেই যেতিয়া হাফ এটাকে দিয়ক। চিন্তা কৰি নাথাকিব। দোকানৰ ভিতৰত কোনো ফঁচি থকা নাই। 😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
এদিন সন্ধিয়া পৰত বাটৰুৱা দুজনমানে বাটেৰে গৈ থাকোঁতে বাটৰ কাষৰ খাল এটাত মদাহী এজনক চাইকেলখনৰ সৈতে বোকাত পৰি লুতুৰি-পুতুৰি হৈ থকা দেখি তুলি দিবলৈ আগবাঢ়ি গ'ল।
মদাহীজনে অলপ লাজ পাই ক'বলৈ ধৰিলে - "চাওকচোন, দিনত হ'লে খালবোৰ বাটৰ কাষত থাকে আৰু আন্ধাৰ হ'লেই বাটৰ মাজত থাকেহি।"
বাটৰুৱাকেইজনে হাঁহি মাৰি "হেৰি ডাঙৰীয়া, বাটটো বাটৰ ঠাইতেই আছে, আপুনিহে দেখা নাই"- বুলি বাটটোত উঠাই থৈ গ'ল।
মদাহীজনে আৰু লাজ পালে। এইবাৰ তেওঁ "চাল্লা, অন্ধ চাইকেল, ৰাস্তা দেখা নাপাৱ?" - বুলি চাইকেলখনকে গুৰিয়াবলৈ ধৰিলে।😂
*****
| অসমীয়া কৌতুক Latest Assamese Jokes |
অসমীয়া কৌতুক Latest Assamese Jokes
নগেনক কিন্তু মানিব লাগিব দেই-
নগেন: তুমি অংকত কেনেকুৱা?
মালতী: লেটাৰ মাৰ্ক পাইছিলোঁ।
নগেন: ভাল কথা, বাৰু কোৱাচোন ১০×০=?
মালতী: এইটো কি ডাঙৰ কথা, শূন্য (০) আকৌ
নগেন: বাহ! পাৰিছা দেই, ১× তোমাৰ মবাইল নম্বৰ=?
মালতী: ৯৯******৪২
নগেন: ধন্যবাদ
******
| অসমীয়া কৌতুক Latest Assamese Jokes |
অসমীয়া কৌতুক Latest Assamese Jokes
সেনাবাহিনীৰ কমাণ্ডো পদৰ বাবে সাক্ষাৎকাৰ চলি আছে। সাক্ষাৎকাৰ বোৰ্ডৰ সন্মুখত নগেন-
সাক্ষাত গ্ৰহণকাৰী: আমাক এই পদৰ বাবে সন্দেহবাদী মনৰ, সদা সষ্টম, দয়া-মমতাবিহীন, আক্ৰমণাত্মক, উচ্চ শ্ৰৱণ শক্তিৰ অধিকাৰী, চোৰাংচোৱাৰ গুণাগুণ থকা আৰু আটাইতকৈ ডাঙৰ কথা সকলো সময়তে মাৰক ক্ষমতাৰে সাজু হৈ থাকিব পৰা ব্যক্তিৰ প্ৰয়োজন। তুমি নিজকে এই পদৰ বাবে উপযুক্ত বুলি ভাবানে?
নগেন : (ক্ষন্তেক চিন্তা কৰি) উমম... মহোদয় মোৰ মানুহজনীয়ে আবেদন কৰিব পাৰিবনে?
******
| অসমীয়া কৌতুক Latest Assamese Jokes |
অসমীয়া কৌতুক Latest Assamese Jokes
এজনীক সুধিলো ভাত কিহেৰে খালা
তাই ক'লে বাটৰ জংঘলত যে পায় কুকিছৰ নিছিনা.......
পিছত গম পালোঁ সেইয়া ঢেঁকিয়া আছিল
*****
অসমীয়া কৌতুক Latest Assamese Jokes
সন্ধিয়াৰ কথা-
দাদা = শুনা , আজি নগেনদা আহিব। দুয়োটাই বহি অকণমান একেলগে খাম। তুমি কিন্তু একো নক'বা দেই!
বৌ = ঠিক আছে। কিন্তু আপুনিও মোক খাই থকাৰ মাজত চিঞৰি নাথাকিব। বৰ বেয়া পাওঁ মই।
দাদা = হ'ব। পিছে কিবা এটা দৰকাৰ হ'লে কি কৰিম?
বৌ = মই অনলাইনতে থাকিম। মেচেজ কৰি দিব।
নগেনদা আহিল। মাতষাৰ লগাই অনুজদাৰ বৌ ভিতৰত সোমাল। নগেনদা আৰু দাদা নিজৰ কামত লাগি গ'ল।
ইপেগৰ পিছত সিপেগ খাই খাই দুয়ো আড্ডা মাৰিবলৈ ধৰিলে।
এনেতে
দাদাই বৌৰ মোবাইললৈ মেচেজ দিলে = I want justice (অকণমান ধৰাৰ পিছত ইংৰাজী ব্যৱহাৰ কৰাটো মানুহটোৰ জন্মগত অভ্যাস)
পিছে,
মেচেজটো দেখি বৌৰ টেমাটো বেয়া হৈ গ'ল। মানুহটোৰ আকৌ হ'ল কি?
এই নগেন বোলাটোৱেই কিবা ব্ৰেইন ৱাচ কৰিলে নেকি?
খঙে চুলিৰ আগ পালেগৈ,
খঙৰ
ভমকত বৌ গৈ দাদাহঁতৰ কাষ পালেগৈ
দাদাৰ ফালে চাই বৌয়ে চিঞৰি উঠিল = কি হ'ল হাঁ ? কিহৰ justice লাগে তোমাক?
লগে লগে দাদাই বৌক দিয়া মেচেজটো চালে।
সেমেনা সেমেনিকৈ তেওঁ মাত মাতিলে = জান, টাইপিঙত অলপ ভুল হৈ গ'ল। আছলতে t আৰু i টোৰ মাজত স্পেচ দিবলৈ পাহৰি গ'লো, চ'ৰি হা !!!
*****
অসমীয়া কৌতুক Latest Assamese Jokes
ভদ্ৰমহিলাই চেমিনাৰ এখনত অংশ লৈ ওলাই আহিবৰ সময়ত অভ্যাসবশত: গাড়ীৰ চাবিটো বিচাৰি বেগত আৰু চেমিনাৰ কক্ষটো নাপালে।
হঠাৎ ভদ্ৰমহিলাৰ মনত পৰিল চাবিটো নিশ্চয় গাড়ীৰ ইগনিছনতে লাগি থাকিল। পূৰ্বটো কেইবাবাৰো তেনেকুৱা হওঁতে স্বামীৰ তৰ্জন-গৰ্জন সহ্য কৰিবলগীয়াও হৈছে। তেনে মুহুৰ্তত ভদ্ৰ মহিলাৰ যুক্তি হ'ল তাত লাগি থাকিলে চাবি নেহেৰায়।
খৰধৰকৈ পাৰ্কিঙলৈ আহি দেখিলে যে স্বামীয়ে ভয় কৰাটোৱেই হ'ল.... গাড়ীখন ৰখোৱা ঠাইত নাই। লগে লগে ভদ্ৰ মহিলাই আৰক্ষীলৈ ফোন কৰি ঘটনাটো অৱগত কৰিলে, লগতে গাড়ীখনৰ সকলো তথ্য দিলে।
এইবাৰ আটাইতকৈ কঠিন ফোনকলটো কৰিবলৈ সাজু হৈ স্বামীলৈ ফোন কৰিলে.... "Honey, darling..." (কঠিন পৰিস্থিতিত প্ৰয়োগ কৰা শব্দবাণ) " গাড়ীৰ চাবিটো আজিও পাহৰিলো আৰু এতিয়া পাৰ্কিঙ কৰা ঠাইত গাড়ীখন নাই।"
কিছু সময় নীৰৱে থকাৰ পাছত স্বামীয়ে খঙেৰে কলে, "Idiot.....মই তোমাক আজি ড্ৰপ কৰি আহিছোঁ।"
এইবাৰ নীৰৱ হোৱাৰ পাল ভদ্ৰমহিলাৰ... কিছু সময় নীৰৱে থাকি লাজ লাজকৈ কলে, "ঠিক আছে, মোক লৈ যাব আহি।"
এইবাৰ আগতকৈও বেছি খঙেৰে স্বামীয়ে চিঞৰি কলে, " মই আনিমগৈ, যেতিয়াই এই পুলিচকেইজনক পতিয়ন নিয়াব পাৰো যে এই গাড়ীখন মই চুৰ কৰি অনা নাই।"
******
অসমীয়া কৌতুক Latest Assamese Jokes
ক্ৰিং ক্ৰিং ক্ৰিং...
ফোনটো ৰিচিভ কৰাৰ লগে লগে ..."হৰেন
খুড়া ,আপোনাৰ ছোৱালীজনী স্কুলতে
আত্মহত্যা কৰিলে"।
লগে লগে মানুহ জনে চাইকেলখন উলিয়াই
বিজুলীবেগে গৈ স্কুল পালেগৈ।
স্কুলৰ ওপৰৰ মহলালৈ গৈ মানুহজন ৰৈ গল...
কোনোবাই মিছা কলে মোক..মোৰ চোন
ছোৱালীয়েই নাই।
চাইকেলখন লৈ ওলাই আহিল। স্কুলৰ গেট পাই
আকৌ ৰৈ গল..ধেৎ চালা , মইচোন বিয়াই পতা নাই।
ইমান মিছা কব লাগেনে বাৰু!
আহি ঘৰত অলপ জিৰণি লও বুলি বিচনাত পৰিল আৰু
ঘপককৈ উঠি বহিল .....
.
.
.
.
"কোনোবা কুকুৰে বেয়াকৈ ঠগিলে বে....
মইচোন হৰেন নহয়েই"😂
******
| অসমীয়া কৌতুক Latest Assamese Jokes |
অসমীয়া কৌতুক Latest Assamese Jokes
এবাৰ ভগৱানে এজন মানুহৰ সম্পূৰ্ণ স্মৃতি শক্তি নোহোৱা কৰিলে আৰু মানুহজনক সুধিলে - তোমাৰ কিবা মনত পৰিছেনে?
মানুহজনে উত্তৰ দিলে - হয় ঘৈণীৰ নামটো মনত পৰিছে।
মানুহজনৰ কথা শুনি ভগৱানে হাঁহিব ধৰিলে আৰু কলে -ৱাহ ! format মাৰিলো তথাপি virus থাকি গ'ল।😂
*****
| অসমীয়া কৌতুক Latest Assamese Jokes |
অসমীয়া কৌতুক Latest Assamese Jokes
স্কুটাৰ মেকানিকঃ বাইদেউ, স্কুটীখনৰ ইঞ্জিনৰ সমস্যা আছে আৰু
ব্ৰেক ডালেও ঠিকমতে কাম কৰা নাই ...
সুন্দৰীঃ এইবোৰ সৰু সুৰা খেলিমেলি থাকেই ...
তুমি মাত্ৰ Mirrorখন ঠিক কৰি দিয়া।😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
Good Morning.
শ্ৰীমতীৰ পৰা অহা এটা মেচেজ ৰাইজলৈ আগবঢ়োৱা হ`ল-
লৰালৰিকে ঘৰলে যাব লগা হোৱাত পত্নীয়ে পতিলৈ চিঠি এখনকে লিখি থৈ গ’ল-
মই হঠাৎ ঘৰলে যাব লগা হ’ল; কেনেকে যাম, কিহত যাম, সেইবোৰ কথা চিন্তা কৰিব নেলাগে, কেৱল তলৰ কথা কেইটা মনত ৰাখিব..........
১। কামকৰা বাই জনীক দৰমহা দি থৈছো, বেছি দানবীৰ দেখুৱাবলে দৰকাৰ নাই। তাই ফটা শাৰী ইচ্ছা কৰিয়েই পিন্ধে, সেই কথাটোত আপুনি মূৰ ঘমাব নেলাগে।
২। আগতেও কৈছো, আমাৰ নিউজ পেপাৰৱালা, ধুবী, গাখীৰৱালা সেইবোৰ কাষৰ ঘৰতকে বেলেগ। সদায় ৰাতিপূৱা গৈ সেই চমক-চ্ছল্লো জনীক “আপোনালোকৰ পেপাৰ দিলে নে? মোৰ খন দিয়া নাইচোন!” বুলি কবৰ দৰকাৰ নাই আৰু এটা কথা, লুঙি আৰু হাত কটা গেঞ্জি ঘৰত পিন্ধা ড্ৰেছহে, আপোনাৰ প্ৰিয় হলেও, সেই ড্ৰেছটো পিন্ধি আলহী খাই নুফুৰিব।
৩। আলমাৰীৰ সোফালে আপোনাৰ গেঞ্জি আৰু আণ্ডাৰৱেৰ আছে, বাওফালে ল’ৰাটোৰ। যোৱাবাৰৰ দৰে ভুলকে পিন্ধি অফিচলে গৈ ইচাট বিচাট কৰি আছিল বুলি গম পালে কিন্তু কথা বেয়া হব।
৪। নিজৰ চচমাজোৰ ভালকে ৰাখিব, ফ্ৰিজটো শাক পাচলি মাছ আদিৰ কাৰণেহে কিনিছো। বাথৰূমলে যাওতে মোবাইলটো লৈ নেযাব। মই এইবাৰ আকৌ চাবোনৰ কেচৰ পৰা মোবাইল বিছাৰি উলিয়াই দিব নোৱাৰো।
৫। বন্ধু বান্ধৱ বেছিকে গোটাব নেলাগে, চোফাৰ কুচনৰ মাজৰ পৰা বাদামৰ বাকলি আৰু চিকেনৰ হাৰ্ডি ওলালে কিন্তু মই ডমেষ্টিক ভায়লেন্স বুলি কেছ দি দিম।
৬। মই নাই বুলিয়েই গেলাসোপা নোপোৱাই পোৱাদি নেখাব। মোক মিছা কথা কৈ লাভ নাই, খালি বটল দেখিলেই গম পাই যাম আৰু আপোনাৰ যে বটলবোৰ লুকুৱাই পেলাবলৈ বুদ্ধি আৰু উৎসাহ এটাও নাই, সেইটো মই ভালকে জানো।
৭। ফোনটো অন ৰাখিব, গধূলি সাত বজাতে মিছ ইউ জান বুলি কৈ অলপ সময় চুইচ অফ কৰি, পিছত ৰাতি ৩ টা বজাত হোৱাটচ আপত "লাষ্ট চিন" বুলি গম পালে আপোনাক গোটেই অফিচৰ মানুহসোপা মিলিও বচাব নোৱাৰিব।
৮। মই এদিন বাহিৰত খাই আহো বুলি ক’লে আপোনাৰ বাজেট নাইকিয়া হয় আৰু মই নেথাকিলে সদায় কে এফ চি, মেক ডি এইবোৰ নচলিব, ঘৰত সদায় ভাত ৰান্ধি খাব। মোক মিছা কথা ক’লেও মই আপোনাৰ পেটৰ চাইজ দেখিয়েই বুজি যাম।
৯। ঘৰত কেইবাজোৰো হাৱাই চেণ্ডেল কিয় ৰখা হৈছে সেই কথাটো অলপ মনত ৰাখিব; একেজোৰ চেণ্ডেলেৰেই বজাৰ কৰা, গা ধোৱা, গোঁসাই চাকি দিয়া, ভাত ৰন্ধা, এই সকলো কাম কৰিছে বুলি গম পালে কি অৱস্থা হব আপুনি জানেই।
১০। শেষত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আকৌ সোঁৱৰাই দিছো-
ক) অফিচৰ পৰা অহাৰ পাছত লংপেণ্টটো খুলি ডাইনিং টেবুলৰ ওপৰত থব নেলাগে, সেইখন ভাত খোৱা ঠাই হে। তিয়নি কাপোৰ কেইটা গা ধোৱাৰ পাছত বাহিৰৰ ডাং ডালত মেলি দিলে কাৰো হাড় নেভাগে।
খ) টিভিত অকল ইংৰাজী চিনেমাৰ চেনেলেই নাই, বেলেগ কিবা বস্তুও ওলাই তাত। ৰাতিপূৱা পাৰিলে সংস্কাৰ চেনেলটো চাব।
গ) ভাত খাই উঠি বাচন কেইটা বেচিনত সদায় জমা কৰি গলে, বেচিনটো ব্লক হৈ যায়, তেতিয়া আকৌ প্লাম্বাৰ মাতিব লাগে। বেচিনটো বাচন ধুবলেহে দিছে, শাক পাচলিৰ বাকলি আৰু চেকনিৰ চাহপাত পেলাবলে নহয়। তাতে সেইটো বেচিনো নহয়, চিংক হে।
ঘ) আঠুৱা লগাই শোৱাৰ বাবে আজিলৈকে কোনো উশাহ বন্ধ হৈ মৰা নাই।
ঙ) পিছফালৰ দূৱাৰখন দুফাল কৈ মেলি থ'লে, আগফালে প্ৰকাণ্ড তলা এটা মৰাৰ কোনো অৰ্থ নাই।
অকে বাই, দেৰিয়েই হ’ল ..........
বি. দ্ৰঃ- এইখন পঢ়ি যে আপুনি ফুৰ্তিত জপিয়াই উঠিছে, মই গম পাইছো। বেছি ফুৰ্তি নকৰিব, কাৰণ মই তিনিদিনৰ পিছতে ঘুৰি আহি আছো।😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
উইংগাৰৰ কন্তাক্টৰ এজনৰ বিয়া ।
হোমৰ গুৰিত বহি পুৰোহিতৰ নিৰ্দেশ পালন কৰি গৈছে।
কিছু সময় পাছত কইনা আহি কাষত বহিল ।
লগে লগে দৰাৰূপী কন্তাক্টৰে অভ্যাসবশত :
কৈ উঠিল
চাপি আহা, চাপি আহা আৰু এজনী বহিব পাৰিব ......।😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
এজন মানুহৰ গাড়ী পাৰ্কিং ৰ পৰা চুৰ হৈ গল।
দুই দিন পিছত দেখিলে গাড়ী পাৰ্কিং তে থোৱা আছে আৰু ভিতৰত এখন চিঠি পালে য'ত লিখা আছে-
"মাঁৰ অকষ্মাত বেমাৰ হোৱাত ৰাতিৰ ভিতৰতে চিকিৎসালয়লৈ নিয়াৰ প্ৰয়োজন হ'ল৷ কিন্তু ইমান ৰাতি, তাতে ছুটীৰ সময়ত গাড়ী নাপালো, যাৰ বাবে আপোনাৰ গাড়ীখন নিব লগা হল। আপোনাক নজনোৱাকৈ নিয়াৰ বাবে মই দুখিত। গাড়ীত যিমান পেট্ৰল আছিল সিমানেই আছে। আপোনাৰ গাড়ী ব্যৱহাৰ কৰাৰ বাবে, কাইলৈ ৰাতিৰ "ৱজীৰ" চিনেমাখনৰ টিকট আপোনাৰ পৰিয়ালৰ বাবে গাড়ীত ৰাখি দিছোঁ আৰু মোক ভুল নবুজে যেন। এইয়ে আপোনাৰ ওচৰত সৰল প্ৰাৰ্থনা।"
চিঠি পঢ়ি গাড়ী পাই সকলোৱে আনন্দে পালে আৰু পিছদিনা ৰাতি "ৱজীৰ" চাবলৈ গ'ল। (ইমান ভীৰত টিকট বুক কৰিব নলগাকৈ আৰামত বহি চিনেমা চালে।)
ৰাতি ঘৰলৈ আহি দেখিলে দৰ্জা ভঙা
ভিতৰলৈ গৈ দেখিলে সকলো দামী বস্তু চুৰ হ'ল আৰু বাহিৰত চিঠি এখন পালে তাত লিখা আছে ,
"চিনেমা চাই কেনে পালে ?"😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
ডাক্টৰ - আপুনি ভয় নাখাব। মই ফটকে উঘালি আনিম গমেই নাপাব। দুখ পোৱাৰটো দুৰৰ কথা।
ধৰম - নাই নাই ডাক্টৰ , মোৰ বৰ ভয় লাগিছে। দুখ পালে কি হ'ব।
ডাক্টৰ - এটা কাম কৰক , ইয়াতে ৰামৰ বটল এটা আছে ২ পেগ মান মাৰি লওক। ভয়টো নাইকীয়া হ'ব।
কিছু সময়ৰ পাছত
ডাক্টৰ - সাহস বাঢ়িছেনে?
ধৰম- কোন কুত্তাই দাঁত উঘালে চাম নহয়। দাঁতত হাত দিলেই ঘুচিয়াই নাক ভাঙি দিম।😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
ল'ৰা = hi
ছোৱালী = hello
ল'ৰা = তুমি কি কৰি আছা?
ছোৱালী = facebook
ল'ৰা = নহয় মানে! তুমি পঢ়ি আছা নে কিবা job কৰা?
ছোৱালী = পঢ়ি আছো।
ল'ৰা = কিহত পঢ়া?
ছোৱালী = টেবুলত। কেতিয়াবা বিছনাত ও পঢ়ো।
ল'ৰা = ধেত! মই সুধিছো তুমি কোন ক্লাছত পঢ়া?
ছোৱালী = মই যোৰহাটত ইঞ্জিনিয়েৰিং কৰি আছো।
ল'ৰা = উমম। যথেষ্ঠ কষ্ট কৰি পঢ়িব লাগে ন? তোমাৰ বিভাগটো কি?
ছোৱালী = বিউটিচিয়ান ।
(ল'ৰাটোৱে মনে মনে ভাবিলে, যোৰহাট ইঞ্জিনিয়েৰিংত বিউটীচিয়ান পঢ়িছ, চালা ভেড়া বনাবলৈ আহিছ?)
ল'ৰা = যথেষ্ঠ টান চাবজেক্ট , নহয়নে?
ছোৱালী = উমম। বহুত টান হয়।
ল'ৰা = উমমম ।
ছোৱালী = আপুনি কি কৰে?
ল'ৰা = মই ডীব্ৰুগড় মেডিকেল কলেজত বুৰঞ্জীত মেজৰ লৈ পঢ়ি আছো।😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
এজন বৃদ্ধই হস্পিতালত তেওৰ শেষ নিশ্বাস লৈ
আছিল। তাৰ বিচনাৰ কাষত তাৰ ঘৈণী, ল'ৰা
দুটা, ছোৱালীজনী আৰু এজনী নাৰ্চ থিয় হৈ
আছিল।
বৃদ্ধজনে সকলোকে উদ্দেশ্যি কলে মইটো আৰু
বেছি সময় জীয়াই নাথাকো গতিকে তহঁতৰ
মাজত যাতে কাজিয়া-পেচাল নালাগে
তাৰবাবে সকলোকে ঘৰ কেইটা ভগাই দি আছো।
ডাঙৰ লৰাটোক ক'লে - ''বেলতলাৰ ১৪ টা ঘৰ তই
লৈ লবি।''
ছোৱালীজনীক ক'লে - ''জি এছ ৰোডৰ ১৬ টা ঘৰ
তই লৈ লবি।''
সৰু লৰাটোক ক'লে - ''মইটো তোক বেছি
ভালপাও তাৰ বাবে পানবজাৰৰ ২০ টা ঘৰ তই
লৈ লবি।''
শেষত নিজৰ ঘৈণীক ক'লে - ''মোৰ অবৰ্তমানত
তোমাৰ যাতে একো কষ্ট নহয় তাৰ বাবে
পল্টনবজাৰৰ ১০ টা ফ্লেট তুমি লৈ লবা।''
সেইবোৰ দেখি নাৰ্চজনীয়ে বৃদ্ধজনৰ ঘৈণীক
ক'লে - ''আপুনি কিমান ভাগ্যবান । আপোনাৰ
স্বামীয়ে আপোনালোকক কিমান সম্পতি দি
থৈ গৈছে।''
তেতিয়া ঘৈণীয়েকে নাৰ্চজনীক ক'লে -
কিহৰ সম্পত্তি হে? তেওঁ দুধৱালা আছিল। তেওঁ
আমাক ৰাতিপুৱা গাখীৰ দিয়াৰ duty টো ভাগ
কৰি দিছে।
বেচেৰি নাৰ্চজনী এতিয়াও অচেতন হৈ পৰি
আছে।😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
এটা ৰাজহুৱা টইলেটত মানুহ এজন বহি আছিল-
হঠাত্ কাষৰ টইলেটৰ পৰা শব্দ আহিল...কি খবৰ?
মানুহজনে ভয় খাই ক'লে - ঠিকে চলি আছে।
পুনৰ শব্দ আহিল...কি কৰি আছে?
মানুহজনে ক'লে - যিটো সকলোৱে ইয়াত বহি কৰে।
আকৌ শব্দ আহিল...মই যাঁও নেকি?
মানুহজনে বিৰক্তিৰে ক'লে - নাই নাই মই অকলেই ঠিক আছো।
আকৌ এটা মাত আহিল - ঠিক আছে দাদা, মই পিছত ফোন কৰি আছো, এতিয়া কোনোবা বুৰ্বক এটাই কাষৰ টইলেটৰ পৰা প্ৰতিটো কথাৰ উত্তৰ দি আছে।😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
ডকাইতৰ লিডাৰে বেংকত সোমাই
ঘোষণা কৰিলে - বেংকৰ টকা হ'ল
ৰাজহুৱা ধন৷ কিন্তু জীৱনটো হ'ল
আপোনাৰ নিজৰ৷ যদি জীৱনটো বচাব
খোজে তেন্তে মাটিত শুই পৰক৷
পলম নকৰি সকলোৱে পকাত বাগৰি পৰিল৷
ইয়াকে কয়- 'Mind Changing Concept'
এজন এম কম পাচ ডকাইতে ক'লে - টকাখিনি গণি লওঁ৷
আন এজন ডকাইতে ক'লে - নালাগে, নিউজতে চাই ল'ম৷
ইয়াকে কয় -'Experience'৷
ডকাইতে ২০লাখ টকালৈ উধাও হ'ল৷
কেচিয়াৰে মেনেজাৰক ক'লে-পুলিচত এফ
আই আৰ দিওঁ?
মেনেজাৰে ক'লে - ৰৈ যোৱা ১০লাখ আঁতৰাই লোৱা, লগত আমি আগতে মৰা ৫০লাখ যোগ দিয়া ৷
ইয়াকে কয় - 'Opportunity'
টিভিত ডকাইতে নিউজ শুনিলে ৮০ লাখ
টকাৰ বেংক ডকাইতি৷
নোট বাৰে বাৰে গণতি কৰি ২০লাখহে পাই
বুজি পালে - আমাতকৈ ডাঙৰ ডকাইত
বেংকতে আছিল৷
This is called- 'MANAGEMENT KA
FUNDA'
*****
অসমীয়া কৌতুক Latest Assamese Jokes
এজনী ছোৱালীয়ে ফেচবুকত স্টেটাচ এটা দিলে - "মোৰ হাতত মহে কামুৰিলে”
তাত কেইজনমান লৰাই কমেন্ট দিলে
লৰা ১ = অ... মাই গড। তুমি ঠিকে আছাতো?
লৰা ২ = প্লিজ বেবি,তুমি নিজৰ কেয়াৰ লোৱা।
লৰা ৩ = মধু, মই এতিয়াই তোমাৰ ঘৰলৈ গৈ আছো, হস্পিতাললৈ ওলোৱা।
লৰা ৪ = সেই মহটো জন্ম হৈয়ে মৰি নগল কিয়?
সেই একেটা স্টেটাচ তপনেও কপি কৰি ফেচবুকত দিলে - "মোৰ হাতত মহে কামুৰিলে”।
তলত লৰাবিলাকে কমেন্ট দিলে
লৰা ১ = কি বে, নলাৰ কাষত শুই আছিলি নেকি?
লৰা ২ = তয়ো মহজনীক কামুৰি দে, হিচাব বৰাবৰ।
লৰা ৩ = ফটা আঠুৱাৰ মাজত শুলে মহে কামুৰিবই।
লৰা ৪ = কচুৱা কিনি লবি ভীক্ষাৰী।
*****
অসমীয়া কৌতুক Latest Assamese Jokes
শিক্ষকঃ লক্ষ্য, কচোন - আকবৰ কোন?
লক্ষ্যঃ নাজানো।
শিক্ষকঃ ক'ত জানিবি? কিতাপ পঢ়িলেহে জানিবি।
লক্ষ্যঃ (খঙেৰে)ছাৰ, আপুনি জানেনে কৌশিক কোন?
শিক্ষকঃ নাজানো।
লক্ষ্যঃ ক'ত জানিব? নিজৰ ছোৱালীৰ ওপৰত চকু দিলেহে জানিব...!
*****
অসমীয়া কৌতুক Latest Assamese Jokes
কাষ্টমাৰঃ তুমি মিঠাইৰ দোকানী,
তোমাৰ বাৰু মিঠাই খাবলৈ মন নাযায়নে?
দোকানীঃ মন যায়... কিন্তু পাপাই ৰসগোল্লাবোৰ
হিচাপ কৰি থৈ যায়। সেই কাৰণে চুপি চুপি থৈ দিবলগীয়া হয়।
*****
অসমীয়া কৌতুক Latest Assamese Jokes
এগৰাকী মহিলাই " IT TECHNICAL
Support " লৈ ফোন লগালে
মহিলা = মোৰ HUSBAND PROGRAM টোত অলপ খেলি মেলি হৈছে ।
Technical support = কেতিয়াৰ পৰা
হৈছে ।
মহিলা = চাওক , যোৱাবছৰ মই , মোৰ Boyfriend ক update কৰি husband install কৰিছিলো।
তাৰপিছৰে পৰা পুৰা system টো slow হৈ গ'ল।
লগে লগেই gift আৰু jewellery
application য়ে কামেই নকৰা হ'ল। এই apps টো boyfriend ত বৰ ধুনীয়াকৈ চলিছিল। তাৰ
উপৰিও husband য়ে romance program টোও uninstall কৰি দিলে।
এতিয়া বাৰু মই কেনেকৈ ইয়াক
থিক কৰিম?
Technical support = হয় madam, husband install কৰাৰ পিছত এনেকুৱা সমস্যা প্ৰায়েই হয় ।
এটা কথা সদায় মনত ৰাখিব লাগে যে , boyfriend হ'ল এটা entertainment demo package আৰু
husband হ'ল এটা operating system.
ইয়াক থিক কৰিবলৈ হ'লে "চকুপানী" program download কৰক। ইয়াৰ ফলত gift আৰু jewellery application নিজে নিজেই install হৈ যাব।
পিছে এটা warning আছে, চকুপানী বেছিকৈ ব্যৱহাৰ কৰিলে husband অনন্তকাললৈ silence অথবা beer , whisky mode লৈ গুচি যাব পাৰে।
লগতে husband ৰ original package ক কেতিয়াও disturb নকৰিব। এনে কৰিলে , নতুন virus - girlfriend download হৈ যোৱাৰ সম্ভাৱনা থাকে ।
ইয়াৰ উপৰিও , নতুনকৈ boyfriend install কৰাৰ
কথা কেতিয়াও নাভাবিব ।
এনেকুৱা কৰিলে , আপোনাৰ LIFE OPERATING SYSTEM crash হৈ যাব। যেনেকৈ আছে , তেনেকৈয়ে সুখী হ'বলৈ চেষ্টা কৰক।
ধন্যবাদ।
*****
অসমীয়া কৌতুক Latest Assamese Jokes
অসমীয়া মানুহক প্লেনত উঠিলে মদ খাবলৈ নিদিয়ে কাৰণ ..
ইংলেণ্ডৰ মানুহে দুই তিনি পেগমান খোৱাৰ পিছত কয় "মই এতিয়া চিনেমা চাম"
ফৰাচী বোৰে কয় " মই এতিয়া কিতাপ পঢ়িম"
জাপানী সকলে কয় "মই এতিয়া আৰাম কৰিম"
আমেৰিকানে কয় "মই এতিয়া অলপ হিচাপ নিকাচৰ কাম কৰিম মোৰ লেপটপটোত"
কিন্তু অসমীয়া মানুহে দুই তিনি পেগ খাই লোৱাৰ পিছত পাইলটক কি ক'ব জানেনে-
"বেটা আঁতৰ হ.. প্লেন মই চলাম এতিয়া.."
*****
অসমীয়া কৌতুক Latest Assamese Jokes
এগৰাকী ৫৫ বছৰীয়া মহিলাৰ হাৰ্ট এটেক হ'ল আৰু তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হ'ল।
অপাৰেচন থিয়েটাৰত তেওঁ জীৱন আৰু মৃত্যুৰ দুৱাৰদলিত উপস্হিত হ'ল।
ভগবানৰ লগত তেওঁৰ সাক্ষাৎ হ'ল।
তেওঁ ভগবানক সুধিলে = পৃথিৱীত মোৰ সময় শেষ হৈ গ'ল নেকি?
ভগবানে ক'লে = নাই হোৱা। এতিয়াও তোমাৰ হাতত পৃথিৱীত জীয়াই থাকিবলৈ ৩২ বছৰ বাকী আছে।
লাহে লাহে মহিলা গৰাকী সুস্হ হৈ আহিল। তেওঁ সেইখন হস্পিটেলতে প্লাষ্টিক চাৰ্জাৰী কৰাই নিজৰ চেহেৰাটো ধুনীয়া কৰাই ল'লে।
নিজৰ চৰ্বি সমূহ অপাৰেচন কৰোৱাই শ্লিম হৈ ল'লে। চুলিখিনিও ৰং কৰি কিচকিচিয়া কলা কৰি পেলালে। যিহেতু তেওঁৰ হাতত জীয়াই থাকিবলৈ এতিয়াও বহুত সময় বাকী আছে।
তাৰপিছত,
তেওঁ হস্পিটেলৰ পৰা ৰিলিজ ল'লে।
ঘৰলৈ অহা সময়তে তেওঁৰ এটা এক্সিডেণ্ট হ'ল আৰু ট্ৰাকৰ তলত সোমাই তেওঁৰ মৃত্যু হ'ল।
যেতিয়া তেওঁৰ আত্মাটো ভগবানৰ সন্মুখত উপস্হিত হ'ল,
তেতিয়া তেওঁ ভগবানক সুধিলে = প্ৰভু , আপুনি কৈছিল , মোৰ হাতত আৰু ৩২ বছৰ সময় আছে। কিন্তু আপুনি মোক এক্সিডেণ্টটোৰ পৰা নবচালে কিয়?
ভগবানে উত্তৰ দিলে = মই তোমাক চিনিয়েই নেপালো। 😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
ডাক্তৰ বনাম ইঞ্জিনীয়াৰ:
এবাৰ এজন ইঞ্জিনীয়াৰে চাকৰি নাপায় এখন ক্লিনিক খুলিলে। সন্মুখত এখন বৰ্ডত লিখি ৰাখিলে: ইয়াত চিকিৎসাৰ খৰছ ৩০০ টকা, যদি ইয়াত চিকিৎসা কৰিলে ভাল নহয় তেন্তে ১০০০ টকা ঘূৰাই দিয়া হব।
কিছুদিন পিছত সেইফালে এজন ডাক্তৰ গৈ আছিল,
ফ্ৰীতে কেইটামান টকা ঘটিবলৈ তেওঁ ক্লিনিক খনলৈ সোমাই গ'ল।
ডাক্তৰঃ মই যি বস্তু খাওঁ, একো সোৱাদ নাপাওঁ, আপোনালোকৰ তাত কিবা চিকিৎসা আছেনে এই বেমাৰটোৰ?
ইঞ্জিনীয়াৰে সহকৰ্মী নাৰ্চজনীক কলে: চৈধ্য নম্বৰ দবাটোৰ দুটোপাল ঔষধ এখেতক খোৱাই দিয়া।
(ঔষধ খিনি খোৱাৰ পিছত)
ডাক্তৰ: চিহঃ এইয়া দেখুন কেৰাচিন তেল।
ইঞ্জিনীয়াৰঃ চাব্বাচ, আপোনাৰ জিভাৰে সোৱাদ গম পোৱা হৈছে, দিয়ক ৩০০ টকা।
ডাক্তৰ জন বেয়াকৈ লাজত পৰিল, উপায় নাই ৩০০ টকা দি মনৰ দুখত তাৰ পৰা ওলাই আহিল।
ডাক্তৰৰ মনত প্ৰতিশোধৰ জুইকুৰা বেয়াকৈ জ্বলি আছে, সি মোক ঠগিলে।
এইবাৰ পুণৰ বেলেগ এটা বুধি পাঙি ক্লিনিক খনলৈ গ'ল।
ডাক্তৰ: মোৰ স্মৃতি শক্তি একেবাৰে লোপ পাইছে, একো কথাই মনত নাথাকে। কিবা উপায় এটা দিয়ক।
ইঞ্জিনীয়াৰে সহকৰ্মী নাৰ্চজনীক কলে: চৈধ্য নম্বৰ দবাটোৰ দুটোপাল ঔষধ এখেতক খোৱাই দিয়া।
ডাক্তৰ: কিন্তু তাত দেখুন কেৰাচিন তেল হে আছে।
ইঞ্জিনীয়াৰঃ চাব্বাচ, আপোনাৰ স্মৃতি শক্তি ঘূৰি আহিছে, দিয়ক ৩০০ টকা।
এইবাৰো ডাক্তৰজন লাজত পৰিল, ৩০০ টকা দি গুচি আহিল।
কিছুদিন পিছত আকৌ গ'ল..
ডাক্তৰঃ মোৰ দৃষ্টিশক্তি নাইকিয়া হ'ল। একো বস্তু ভালকৈ ধৰিব নোৱাৰো।
ইঞ্জিনীয়াৰ: ক্ষমা কৰিব ডাক্তৰ চাহাব, এই বেমাৰৰ চিকিৎসা আমাৰ ইয়াত নহয়। এইয়া লওঁক চিকিৎসা কৰিব নোৱাৰিলে দিম বুলি কোৱা ১০০০ টকা।
ডাক্তৰ: কিন্তু এইখন দেখুন ১০০ টকীয়া
ইঞ্জিনীয়াৰঃ চাব্বাচ, আপোনাৰ দৃষ্টিশক্তি ঘূৰি আহিছে, দিয়ক ৩০০ টকা।
.
.
.
.
হাঃ হাঃ এইয়াই ইঞ্জিনীয়াৰ।
*****
অসমীয়া কৌতুক Latest Assamese Jokes
পত্নী: তুমি মৰমত যে ৰানী মাতা বৰ
ভাল লাগে মোৰ
পতি: আচলতে নকৰানি দিঘলীয়া হয় বাবেই চুটিকৈ ৰানী মাতো
পত্নীয়ে খংত- তোমাক মই জান কিয় মাতো, জানানে?
পতি: নাজানো, কোৱাচোন
পত্নী: জানৱাৰ টো বহুত দিঘলীয়া হয় বাবে। 😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
আগৰ পুৰণি মানুহসকলে নিজৰ নামবোৰ কেনেকুৱা ৰাখে আপোনালোকে নিশ্চয় জানে।
ঠিক তেনে গজব নামেৰে নামাকৰণ কৰা ৪ জন ককাইভাই মাকৰ সৈতে এটা পৰিয়াল মমিহতৰ ঘৰৰ ওচৰলৈ নতুনকৈ ভাৰাতীয়া হিচাপে আহিল।
এজনৰ নাম- ভঙা
দ্বিতীয় জনৰ নাম- ফটা
তৃতীয়জনৰ নাম- শুকান
চতুৰ্থজনৰ নাম -মৰা
মমি এদিন তেওঁলোকৰ ঘৰত আলহী ফুৰিব গল। মাকে আলহীক সুধিলে, আপুনি চকীত বহিব নে পিৰাত?
আলহী:- চকী হলেই হব
মাক:- ভঙা, চকীখন লৈ আহ।
আলহী:- নালাগে হব, পিৰা এখনকে দিব কওক।
মাক:- ফটা, পিৰা এখন লৈ আহ।
আলহী:- পিৰাও নালাগে, মই পকাতেই বহিছো হব দিয়ক।
( আলহী পকাতে বহিল ) এইবাৰ মাকে আলহীক সুধিলে:- আপুনি চাহ খাবনে গাখীৰ খাব?
আলহী:- চাহ দিলেই হব।
মাক:- শুকান, চাহ লৈ আহিবি।
আলহী:- নাই নাই, চাহ নালাগে, গাখীৰকে দিয়ক।
মাক:- মৰা, গৰুৰ গাখীৰ এগিলাচ লৈ আহ।😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
এজন সম্পদশালী, আশী বছৰীয়া বৃদ্ধই, পচিশ
বছৰীয়া এগৰাকী যুৱতীক বিয়া কৰালে। এবছৰৰ
পিছত বৃদ্ধজন ব্যক্তিগত ডাক্তৰজনৰ ওচৰলৈ গ'ল আৰু কলে,
" ডাক্তৰবাবু, আপুনি শুনি সুখী হব যে মই,
পিতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হব ওলাইছো।"
ডাক্তৰে কথাষাৰ শুনি বৃদ্ধৰ মুখলৈ চালে
আৰু কলে,
"আপোনাক মই সাধু এটা কম, শুনিব নে?"
বৃদ্ধ : কওঁকচোন, নিশ্চয় শুনিম।
ডাক্তৰ : এবাৰ এজন চিকাৰী, জংঘললৈ
চিকাৰ কৰাৰ মানসেৰে গ'ল। যোৱাৰ সময়ত ভুলতে বন্দুকৰ ঠাইত, ছাতী এটা কাষলতিৰ তলত
লৈহে ওলাই গ'ল।
বৃদ্ধ : ইচ্ ৰাম, কি যে হব?
ডাক্তৰ : জংঘলত এটা বাঘৰ সতে মুখামুখি
হোৱাত, বন্দুক বুলি কাষলতিৰ তলৰ পৰা ছাতীটো উলিয়াই আনিলে।
বৃদ্ধ : ইন্টাৰেষ্টিং, পিছত?
ডাক্তৰ : ইতিমধ্যে বাঘটো আক্ৰমাত্মক
হৈ উঠাত, উপায় নেদেখি চিকাৰীজনে, ছাতীটোৰেই গুলী মৰাৰ দৰে ভংগীমা কৰিলে।
বৃদ্ধ : তাৰপিছত?
ডাক্তৰ : কিন্তু আশ্চৰ্যজনক ভাবে বাঘটো, গুলী লাগি মৰি থাকিল।
বৃদ্ধ : অসম্ভৱ ! এইটো কেতিয়াও হব
নোৱাৰে।
ডাক্তৰ : আপোনাৰ কি ভাব হয় , বাৰু?
বৃদ্ধ : পিছফালৰ পৰা গুলীটো, কোনোবা
বেলেগে মাৰিছে।
ডাক্তৰ : মইয়ো আপোনাক সেইটোৱে কব
বিচাৰিছোঁ,
যে গুলীটো, কোনোবা বেলেগে মাৰিছে।
*****
অসমীয়া কৌতুক Latest Assamese Jokes
আপোনালোকে জানেনে ! তাৱা এখনত প'পকৰ্ণ থলে ইমান কিয় জপিয়াই থাকে?
নাজানে????????
.
.
.
.
.
কেতিয়াবা নিজে বহি চাব...গম পাই যাব বাপেক্কে😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
এদিন এজন মানুহ পাহাৰীয়া পথেৰে গৈ থাকোঁতে ৰাতি হল। সেয়েহে তেওঁ ৰাতিটো কটাবলৈ ওচৰতে এটা বৌদ্ধ মঠ দেখা পালে আৰু তাতে থাকিবলৈ ঠিৰাং কৰিলে। বৌদ্ধ ভিক্ষু সকলে তেওঁক ভালদৰে খোৱাই বোৱাই শুশ্রষা কৰিলে। ৰাতি যেতিয়া তেও শুই আছিল তেতিয়া ওচৰৰ ৰূমটোৰ পৰা এটা ভয়ানক চিঞঁৰ অহা শুনা পালে। ৰাতিপুৱা যেতিয়া তেখেত যাব ওলাল ভিক্ষু সকলক সেইটো কিহৰ চিঞঁৰ আছিল সুধিলে। ভিক্ষুৱে কলে যে আপুনাক ইয়াৰ ৰহস্য কব নোৱাৰিম কাৰণ আপুনি ভিক্ষু নহয়।ইয়াৰ কিছুদিনৰ পিছত সেই মানুহজন পুনৰাই তাত থাকিল সেই ৰাতিও তেও সেই বিকট চিঞঁৰটো শুনা পালে। পিছদিনা তেওঁ ভিক্ষুসকলক কলে যে মই পাগল হৈ যাম সেইটো কি বস্ত মই জানিবই লাগিব গতিকে মইও ভিক্ষু হম। তাকে শুনি বাকী ভিক্ষুসকলে তেওঁক প্রায় 2 বছৰ তাত শিক্ষা দান কৰিলে আৰু এদিন তেওঁ ভিক্ষু হল। শেষৰ দিনা গুৰুৱে তেওঁক কলে ব'লা এতিয়া সেইটো কিহঁৰ চিঞঁৰ নিজে চাই আহিবা বুলি কৈ তেওঁক এটা ৰূমলৈ লৈ গল। ৰূমটোৰ তলা খুলি যিটো বস্ত দেখা পালে মানুহজন বিষ্ময়ত অবাক হৈ থৰ লাগি চাই থাকিল ।
বস্তুটো কি আছিল জানেনে?
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
- নকওঁ কিয় কম? আপুনিটো বৌদ্ধ ভিক্ষু নহয়....!!
*****
অসমীয়া কৌতুক Latest Assamese Jokes
শিক্ষক :- বীৰবল কোন আছিল?
মৃদুল :- নাজানোঁ চাৰ।
শিক্ষক :- কৰ পৰা জানিবি। কিতাপত মন-কাণ দিলেহে জানিবি। বীৰবল আগবৰৰ ৰাজসভাৰ
সভাসদ আছিল।
মৃদুল :- ছাৰ, বিশ্ব, ৰাহুল আৰু সুৰেশক চিনি পাইনে?
শিক্ষক :- নাই নাপাও, কোন সিহঁত?
মৃদুল :- কেনেকৈ পাব? নিজৰ জীয়ৰীৰ ওপৰত মন-কাণ দিলেহে চিনি পাব।
এই তিনিওটা আপোনাৰ ছোৱালীৰ প্ৰেমিক।
*****
অসমীয়া কৌতুক Latest Assamese Jokes
জনাৰ্দনে ওৰফে জে দিয়ে ১০৮ লৈ ফোন লগালে- ১০৮ ৰিচিপ্টচনিষ্টঃ নমস্কাৰ চাৰ,আপোনাক কি দৰে সহায় কৰিব পাৰোঁ?
জে দিঃ হেল্ল' এইমাত্ৰ মোৰ বন্ধু এজনক গাড়ী এখনে খুন্দিয়াই থৈ গ'ল৷ মুৰ ফাটিছে, নাক আৰু কাণেৰে তেজ ওলাইছে, সম্ভৱ ভৰিও ভাগিছে। সোনকালে গাড়ী পঠোৱাৰ ব্যৱস্থা কৰক৷
ৰিচিপ্টচনিষ্টঃ ধন্যবাদ সবিশেষ জনোৱাৰ বাবে।আপুনি কোন ঠাইত ঘটনাটো ঘটিছে, সম্পূৰ্ণ
ঠিকনাটো আমাক জনাওক৷
জে দিঃ শিৱসাগৰৰ জেঙনিকাটীয়া তিনিআলিত৷ ৰিচিপ্টচনিষ্টঃ ধন্যবাদ, আপুনি ঠাইডোখৰৰ নামটোৰ আমাক বানানটো কৈ দিয়ক ইংৰাজীত৷ জে দিঃ (মাত বোল নাই)
ৰিচিপ্টচনিষ্টঃ হেল্ল' চাৰ, ঠাইডোখৰৰ নামটোৰ স্পেলিং কওক
জে দিঃ (নিমাত)
ৰিচিপ্টচনিষ্টঃ হেল্ল' চাৰ, আপুনি যদি শুনি আছে, স্পেলিংটো কওক৷
জে দিঃ (ফোপাই জোপাই) শুনি আছো মানে মই ইয়াক বিষ্ণুনগৰ তিনিআলিলৈ চোঁচৰাই লৈ
আনিলো, জেঙনিকাটীয়া স্পেলিংটো মই
নাজানো, ইমান টান, এতিয়া লিখক বিষ্ণুপুৰ
বি আই এচ এইচ এন ইউ....
ৰিচিপ্টচনিষ্ট বেহুঁচ😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
এক মদাহীয়ে মৰাৰ আগমুহূৰ্তত কৈছে,
"ছাল্লা মদ বোৰ ঠিকেই আছিল, মোৰ লিভাৰ টো হে চাইনিজ ওলাল৷ দুদিনমানহে ভালকৈ চলিল৷" 😂
******
অসমীয়া কৌতুক Latest Assamese Jokes
শিক্ষক : ‘কপাল’ শব্দৰে এটা
কবিতাৰ পংক্তি লিখাচোন।
ছাত্ৰ : কপাল তিতি গ’ল মোৰ
চকুলোৰ বানত ......
শিক্ষক : তই এটা গাধ, চকুৰ
পানী ওপৰলৈ বৈ যায় নেকি?
ছাত্ৰ : ৰ'ব ছাৰ, পাছৰ শাৰীটো শুনক-
ভৰি দুটা বন্ধা আছিল
গছৰ ডালত।
*****
অসমীয়া কৌতুক Latest Assamese Jokes
দুৰ্ঘোৰ মদপী এজনৰ ভগৱানৰ প্ৰতি কাতৰ প্ৰাৰ্থনা,
“প্ৰভু, অহা জনমত দাঁত এটা দিলেও কথা নাই, লিভাৰ কিন্তু ৩২ টা দিবা৷” 😂
*****
অসমীয়া কৌতুক Latest Assamese Jokes
এজন মন্দিৰৰ পূজাৰীৰ loose motion হোৱাত চিনাকি ডাক্তৰ এজনৰ ওচৰলৈ গৈ দৰব ললেগৈ।
পূজাৰীঃ- ডাক্তৰবাবু, খোৱা বোৱাত কিবা মানা
আছে নেকি?
ডাক্তৰঃ- খোৱা বোৱাত একো মানা নাই মাত্ৰ
…
…
…
…
…
…
…
…
…
…
…
…
…
…
…
…
…
…
…
…
…
…
শঙ্খ বজাওঁতে বেচিকৈ জোৰ নিদিব।
*****
অসমীয়া কৌতুক Latest Assamese Jokes
পুতেকঃ দেউতা জীৱনত আগুৱাই যাবলৈ কি কি কৰিব লাগিব?
বাপেকঃ ইটা এচটা ল আৰু মোবাইলটো ভাং। বেলেগ আৰু একো কৰিব নালাগে বুইছ।
*****
অসমীয়া কৌতুক Latest Assamese Jokes
*কিছুমান শব্দৰ অর্থ*
*সপোন*: খৰচ নোহোৱাকৈ দেখা চিনেমা!
*জীৱন*: অবিৰত যাত্রা!
*ডাক্তৰ*: ভগবানৰ এটা ৰুপ!
*এন.আৰ.চি*: বাংলাদেশী স্বদেশীকৰণৰ উপায়!
*ম’বাইল*: এলাহৰ আন এক নাম!
*দাপোণ*: বেটাৰী বিহীন কেমেৰা!
*তলা*: দৰমহা বিহীন চকীদাৰ!
*গার্লফ্রেণ্ড*: পকেট খালী কৰাৰ উপায়!
*চিন্তা*: ওজন কমোৱাৰ উপায়!
*বিবাহিত পুৰুষ*: এৰাল দিয়া গৰু!
*শ্মশান*: জীবনৰ অন্তিম ষ্টেচন!
*চোৰ*: আন্ধাৰৰ সফল বিজনেছমেন!
*বয়ফ্রেণ্ড*: বেতন বিহীন বডিগার্ড, কার্ডবিহীন এ.টি.এম!
*বিবাহ*: পাপৰ প্রায়চিত্ত!
*বাইক*: নার্চিংহোম চলাৰ উত্তম উপায়!
*সুৰা*: মনৰ ভাৱ প্রকাশ কৰা ঔষধ!
*অন্তিম শয়ন*: পাছপর্ট অবিহনে দূৰ যাত্রা!
*****
অসমীয়া কৌতুক Latest Assamese Jokes
কিছুমান দোকানীয়ে কেতিয়াবা কেতিয়াবা পুৰণি বাতৰি কাকত কাটি লেফাফা বনায়। কিন্তু কিছু কিছু ক্ষেত্ৰত দুখন বাতৰি কাকতৰ খবৰ বোৰ এনেকৈ খাপ খাই যায় যেন তাৰ অৰ্থ হয়তু Google য়েও বিচাৰি উলিয়াব নোৱাৰিব।
তাৰে কিছু নমুনাঃ
১.আমেৰিকাৰ ৰাষ্ট্ৰপতি...ধেমাজিত গৰু চোৰ কৰোতে গ্ৰেপ্তাৰ।
২. মূখ্য মন্ত্ৰীৰ বাসভৱন কইনাধৰাত...এজনী কলি গাইয়ে সাতটা পোৱালী জন্ম দিছে।
৩. অটল বিহাৰী বাজপেয়ীয়ে কৈছে...এজনী বাহ্মণ সম্প্ৰদায়ৰ বগা ওখ পাত্ৰীৰ আৱশ্যক।
৪. ল'ৰা ছোৱালী নোহোৱা দম্পতীসকলৰ বাবে এতিয়া সুখবৰ...সাত তাৰিখে লালু প্ৰসাদ যাদৱ আপোনাৰ চহৰত আহিব।
৫. পাকিস্তানৰ জেলত থকা কয়দী সকলক...অনতিপলমে অসম চৰকাৰৰ পৰা বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা।
৬. তিহাৰ জেলৰ বাসিন্দা কুখ্যাত অপৰাধী ডাউড আলী মিঞাক... স্বয়ং ৰাষ্ট্ৰপতিয়ে বটা প্ৰদান কৰে।
সংগ্রহ- Facebook, whatsApp
Comments
Post a Comment